Mayabini Ratir Bukut (মায়াবিনী ৰাতিৰ বুকুত)

Album cover art for "Mayabini Ratir Bukut (মায়াবিনী ৰাতিৰ বুকুত)" by Zubeen Garg

Zubeen Garg - Pop

Mayabini Ratir Bukut (মায়াবিনী ৰাতিৰ বুকুত)

5K Plays

Duration: 1:58

View ArtistView Album

Lyrics

Language:

মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত । প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্রতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ বেথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত । দুচকুতে তোমাৰ চালে সপোন আতৰি দিঠক নামে চুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত । মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ।।

Rate this song

Rate this song

0/5.0 - 0 Ratings

5
0.0% (0)
4
0.0% (0)
3
0.0% (0)
2
0.0% (0)
1
0.0% (0)

Loading comments...

Credits

Writers
  • Zubeen Garg